56
ঢেকীয়াজুলিঃ ঢেকীয়াজুলি বিধান সভা সমষ্টিৰ বিধায়ক অশোক সিংহলৰ নিজ সমষ্টিৰ তিনিখনকৈ গাঁও এতিয়া বিলশিৰি নদীৰ ভয়ংকৰ খহনীয়াৰ কৱলত পৰিছে যদিও খবব ল’বলৈ কোনো নাই বুলি অভিযোগ উত্থাপিত হৈছে৷
বাৰিষা আৰম্ভ হোৱাৰ লগে লগেই ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বালিগাঁও, পঠালীখোৱা আৰু বালিগাঁও বঙালী এই তিনিখন গাঁৱৰ শ শ পৰিয়ালৰ শ শ বিঘা কৃষিভূমি আৰু ঘৰ-দুৱাৰলৈ প্ৰচণ্ড ভাবুকি সৃষ্টি কৰি বিলশিৰি নৈয়ে কালৰূপ ধাৰণ কৰিছে৷