newsnextone.com | গুৱাহাটীঃ সমগ্ৰ দেশত পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছে৷ প্ৰতিদিনে বৃদ্ধি হৈ অহা পেট্ৰল আৰু ডিজেলৰ মূল্যই সাধাৰণ মানুহৰ চলাচলত ব্যঘাত জন্মাইছে৷
আনহাতে পেট্ৰল-ডিজেলৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে দেশৰ মোডী চৰকাৰ কালত অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত মূল্য বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠে৷ কিন্তু আন্তৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্য হ্ৰাস পোৱাৰ দোহাই দি তৈল সংস্থা সমূহে প্ৰতিদিনেই বৃদ্ধি কৰি আহিছে পেট্ৰল-ডিজেলৰ মূল্য৷ বিগত প্ৰায় ১৫ দিনত পেট্ৰল আৰু ডিজেলৰ মূল্যত প্ৰায় ১০ টকা বৃদ্ধি কৰা পৰিলক্ষিত হয়৷