জাজৰিঃ খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ৬ টা মণ্ডল সমলকেন্দ্ৰৰ প্ৰাথমিক, মাধ্যমিক, উচ্চ আৰু উচ্চতৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী সকলক একত্রিত কৰি জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এখন গুণোৎসৱ ২০১৭ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হয়।
মাজ জাজৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নৰেন ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিতেশ চন্দ্ৰ ডেকাই। গুণোৎসৱ সন্দৰ্ভত কিদৰে প্ৰস্তুতি হব লাগিব সকলো দিশ সামৰি বক্তব্য ৰাখে খাগৰিজান প্ৰাথমিক শিক্ষা বিষয়া জিতেন চন্দ্ৰ দাসে।