newsnextone.com/ৰঙিয়া: ৰঙিয়া চহৰৰ সমিপৰ উদিয়ানাত আজি সন্ধিয়াৰ ভাগত এজন মাছমৰীয়াৰ জালত এটা পিষ্টল উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিষয়ে জানিৱ পৰামতে ৰঙিয়া চহৰৰ সোঁমাজেৰে যোৱা ৩১ নং ৰাষ্টীয় ঘাইপথৰ সমিপৰ উদিয়ানাৰ কাল্ভাৰৰ এটা জানত স্থানীয় একাংশ ব্যক্তিয়ে আজি সন্ধিয়া মাছ মাৰি আছিল । উক্ত সময়তে অঞ্চলটোৰ কলা আলী নামৰ মাছমৰীয়া জনৰ জালত এটা হস্ত নিৰ্মিত পিষ্টল আহে । পিষ্টলটো এনেদৰে অহাৰ পিচতে মাছমৰীয়া সকলৰ মাজত হাহাকাৰ লাগে । পিষ্টল উদ্ধাৰ হোৱাৰ বিষয়ে গাঁওবাসীৰ মাজত প্ৰচাৰ হোৱাত অগনণ কৌতুহলি ৰাইজ উক্ত স্থানত ভীৰ কৰে । ইফালে ঘটনা সম্পৰ্কত ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে উপস্থিত হৈ পিষ্টলটো থানালৈ লৈ আনে। সন্ধেহ কৰামতে আৰক্ষীয়ে ৰাষ্টীয় ঘাইপথত তালাচী চলাই থকাৰ বাবে কোনো দুৰ্বৃত্তই পিষ্টলটো এনেদৰে পানীত পেলই দিয়ে ।