60
বালিপৰাঃ স্বেচ্ছাসেৱী অনুষ্ঠান জনমত, বালিপৰা-চাৰিদুৱাৰ মৌজা অাৰু নামেৰি সুৰক্ষা মঞ্চৰ উদ্যোগত অাজি পুৱা ৬ বজাৰ পৰা চাৰিদুৱাৰ খেলপথাৰ, কেন্দ্ৰীয় পুথিভৰাল, শ্বহীদ ভৱন, শিশু নিকেতন, সীমান্ত মিলন সংঘ, সুধাকণ্ঠ ভুপেন হাজৰিকা উদ্যান, নামঘৰ, চাৰিদুৱাৰ তিনিঅালি, স্থানীয় চিকিৎসালয় প্ৰাংগনত গছ পুলি ৰুই প্ৰকৃতি ৰক্ষাৰ কৰাৰ পণ লোৱ হয়। ৫ জুনত উক্ত অনুষ্ঠানকেইটাৰ সদস্যসকলে ঘৰে ঘৰে গছপুলি ৰোপন কৰিব বুলি জানিবলৈ দিয়ে।