ডিব্ৰুগড়ঃ ডিব্রুগড়ত প্রধানমন্ত্রী উজ্বলা যোজনা উদ্বোধন কৰে পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ধর্মেন্দ্র প্রধানে। ডিব্রুগড় চৌকিডিংগী খেলপথাৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত হোৱা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ উজ্জ্বলা আঁচনি উদ্বোধন কৰি কয় যে গৃহিণীক বিনামূলীয়া ৰন্ধন গেছ সংযোগৰ বাবে কেন্দ্ৰ-ৰাজ্যই ১০০০ঃ১৬০০ অনুপাতত সাহায্য আগবঢ়াব।
প্ৰতিঘৰ দৰিদ্ৰ পৰিয়ালকে এই আঁচনিৰ অধীনত সামৰি লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তদুপৰি তেলৰ ৰয়েল্টিৰ ক্ষেত্ৰটো তাৎপৰ্যপুৰ্ণ মন্তব্য কৰে। অসমক তেলৰ ৰয়েল্টি সম্পুৰ্ণকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।