65
জোনাকৰ বাট বনাম
আন্ধাৰৰ বাট
✎হেমা চৌধুৰী গগৈ
শৰতৰ সন্ধিয়া এটিত জোনটোক সুধিলো
তোমাৰ জোনাক অহাৰ বাট কোনফালে
জোনে মিচিকিয়াই ক’লে ,,
যিফালে সুখে সুহুৰি মাৰে
মোৰ জোনাক সেই বাটেৰে আহে
য’ত থাকে মানুহ মানুহৰ বাবে ৰৈ
নাই হিংসা ,
নাই সাম্প্ৰদায়িকতা
থাকে মাথোঁ সত্য সুন্দৰৰ সহৱস্থান
প্ৰেম বিশ্বাস আৰু ভালপোৱা
মোৰ জোনাক সেই বাটেৰেই আহে