Photo Courtesy: Digital Assam People
Photo Courtesy: Digital Assam People

স্বাস্থ্য ডেস্কঃ বহাগ আগমনৰ বতৰাই চাৰিওফালে যেন উৎকট গ্ৰীষ্মৰ বতৰাও কঢ়িয়াই লৈ ফুৰিছে৷ কুলিৰ মাতত দেহ মন সতেজ হৈ পৰিলেও ইফালে উৎকট গৰমে শান্তি নিদিয়াটো ধুৰূপ৷ ঘামি-জামি ডিহাইড্ৰেট হৈ পৰা শৰীৰটোৰ প্ৰতি এইখিনি সময়তে চকু দিয়াৰ সময়। কিয়নো স্বাস্থ্য ভালে নাথাকিলে মনবোৰো ফৰকাল হৈ নাথাকিব৷ এইখিনিতেই পইতা ভাতৰ জোৰ।

আপোনালোকৰ বহুতেই হয়তো পইতা ভাত খাই ভাল পায়, কিন্তু সুযোগ নাপায়, বা পালেও ক’বলৈ লাজ কৰে। আগৰ দিনত গাৱঁৰ মানুহৰ পইতা ভাত লোভৰ বস্তু আছিল। নিমখ-তেল দি কেঁচা পিয়াজ-জলকীয়াৰ সৈতে পইতা ভাতৰ সোৱাদ কি সেয়া খাওতাই জানে। 

এদিনৰ আগত ৰান্ধি থোৱা ভাতত পানী মিহলাই থোৱাৰ পৰা সৃষ্টি হয় ভিটামিন ১২ৰ৷ এই ভাতৰ পৰা উৎপন্ন হয় এবিধ বেক্টেৰিয়া৷ যিয়ে আহাৰ গ্ৰহণ কৰাৰ পাছত হজম তথা বহু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ শৰীৰৰ হাড়ৰ লগতে পেশীৰো শক্তি বৃদ্ধি কৰি শৰীৰক এক শক্তিশালী প্ৰদান কৰে বেক্টেৰিয়াবিধে৷  

আমেৰিকান স্বাস্থ্যবিদসকলে পইতাভাতৰ গুণাগুণৰ বিষয়ে অধ্যয়ন কৰিছে আৰু তাৰ উপকাৰিতা হিচাপে কিছুমান তথ্য আগবঢ়াইছে৷ তলত পইতাভাতৰ গুণৰ বিষয়ে চমুকৈ আভাস দিয়া হৈছেঃ

১. পইতাভাত খোৱাৰ পাছত শৰীৰৰ পেশীবোৰ অধিক শক্তিশালী আৰু মজবুত হয়৷   
২. মানুহৰ শৰীৰত প্ৰয়োজন হোৱা বেক্টেৰিয়া উৎপন্ন কৰে এই পইটাভাতে৷ ফলত ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷              
৩. পেটৰ বিষ তথা শৰীৰৰ তাপমান বজাই ৰখাত সহায় কৰে পইতাভাতে৷                  
৪. দেহৰ দুৰ্বলতা দূৰ কৰি সজীব কৰি তোলাত সহায়ক এই ভাত৷ 
৫. শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷          
৬. শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংঈক সুস্থ কৰি তোলাৰ লগতে মগজু ঠাণ্ডা কৰি ৰখাত সহায় কৰে৷                
৭. এলাৰ্জিৰ দৰে সমস্যাৰ পৰা নিৰ্মূল কৰা ঔষধ হিচাপে কাম কৰে পইতাভাতে৷                 
৮. এলাহ ভাৱ দুৰ কৰে৷            
৯. শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷  
১০. মানসিক অৱস্থা সবল কৰি তোলে৷