স্বাস্থ্য ডেস্কঃ বহাগ আগমনৰ বতৰাই চাৰিওফালে যেন উৎকট গ্ৰীষ্মৰ বতৰাও কঢ়িয়াই লৈ ফুৰিছে৷ কুলিৰ মাতত দেহ মন সতেজ হৈ পৰিলেও ইফালে উৎকট গৰমে শান্তি নিদিয়াটো ধুৰূপ৷ ঘামি-জামি ডিহাইড্ৰেট হৈ পৰা শৰীৰটোৰ প্ৰতি এইখিনি সময়তে চকু দিয়াৰ সময়। কিয়নো স্বাস্থ্য ভালে নাথাকিলে মনবোৰো ফৰকাল হৈ নাথাকিব৷ এইখিনিতেই পইতা ভাতৰ জোৰ।
আপোনালোকৰ বহুতেই হয়তো পইতা ভাত খাই ভাল পায়, কিন্তু সুযোগ নাপায়, বা পালেও ক’বলৈ লাজ কৰে। আগৰ দিনত গাৱঁৰ মানুহৰ পইতা ভাত লোভৰ বস্তু আছিল। নিমখ-তেল দি কেঁচা পিয়াজ-জলকীয়াৰ সৈতে পইতা ভাতৰ সোৱাদ কি সেয়া খাওতাই জানে।