ডিজিটেল ডেস্কঃ যিটো সময়ত ডাইনী হত্যা সন্দৰ্ভত অসমৰ মহিয়সী নাৰী বিৰুৱালা ৰাভাই ৰাষ্ট্ৰসংঘৰ মজিয়াত বক্তব্য ৰখাৰ সুবিধা পাইছে, তেনে সময়তে কিন্তু সচেতন হৈ উঠা নাই বিৰুৱালাৰ গৃহৰাজ্যৰ ভালেমান লোক। প্ৰতিদিনে সংঘটিত হৈ আহিছে ডাইনীৰ নামত হত্যা-নিৰ্যাতন।
বাক্সা জিলাত পুনৰাই ডাইনীৰ সন্দেহত দম্পত্তি এহালক নিৰ্যাতন চলাবলৈ উদ্যত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে বাক্সা জিলাৰ নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত ভাংৰিকুছি নিছিমাপুৰৰ দম্পত্তি বিক্ৰ বসুমতাৰি আৰু চেমশ্ৰী বসুমতাৰিক স্থানীয় একাংশ লোকে ডাইনী সজায়।