70
অভয়াপুৰীঃ বিশ্ব জনসংখ্যা দিৱসৰ উদযাপন শেষ নৌহওতেই ৰাজ্যত পুনৰাই সংঘটিত হৈছে বাল্যবিবাহৰ দৰে গৰ্হিত কাণ্ড। অসমৰ অনগ্ৰসৰ এলেকাবোৰত উদ্বেগজনক হাৰত এই নিন্দনীয় কাৰ্য চলি থকাৰ মাজতে বিভিন্ন সংগঠনে ইয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই অহাৰ সময়তে এনে এক কাণ্ডই লজ্জানত কৰিছে অভয়াপুৰীবাসীক।
ঘটনাৰ সৱিশেষ মতে বাল্য বিবাহখনৰ প্ৰস্তুতি চলিছিল বঙাইগাঁও জিলাৰ অভয়াপুৰী নিকটবৰ্তী আৰু উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত টুলুঙীয়া ২য় খণ্ডত।