67
অভয়াপুৰীঃ শুকুৰবাৰে গোৱালপাৰাত প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণৰ প্ৰত্যুত্তৰত আৰক্ষীৰ গুলিচালনাত এজন নাগৰিকে প্ৰাণ হেৰুওৱাৰ প্ৰতিবাদত আজি অভয়াপুৰীৰ লেংটিছিঙা বজাৰত এনএছইউআইৰ উদ্যোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে।
শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰবিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে অধিবক্তা নজৰুল ইছলামৰ নেতৃত্বত শুকুৰবাৰে ডেৰশৰো অধিক লোকে গোৱালপাৰাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।