ডিফুঃ পশ্চিম কাৰ্বি আংলং জিলাত আৰক্ষীৰ দুৰ্নীতি বিৰোধী অভিযানত পোহৰলৈ আহিছে ৫৫ কোটি টকাৰ কেলেংকাৰী৷ ৰংখাং উন্নয়ন খণ্ডৰ ৫৫ কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত তিনি জনক আটক ৷ বৈঠালাংছ’ থানাৰ 32/2011 u/s 409 ত কনিষ্ঠা অভিযন্তা লটিকা শইকীয়া, গ্ৰাম্য সেৱক মিজি ইংলেং আৰু ভিডিচিৰ সদস্যা ৰীতা তিমুংপীক আটক৷
আৰক্ষীৰ বৃহৎ দলে কালি নিশা তেতিয়া খণ্ড উন্নয়ন বিষয়া নিৰলা ফাংচপীক বিচাৰি ডিফুত অভিযান চলাইছিল যদিওঁ বৰ্তমানৰ পৰিষদৰ উপ সচিবগৰাকীক বিচাৰি নাপালে৷ ইফালে লটিকা শইকীয়াক গুৱাহাটীৰ পৰা আটক কৰি বৈঠালাংছ’ থানালৈ আনে। আনহাতে লটিকা শইকীয়াই দিয়া ভাষ্য অনুসৰি ৭২ হাজাৰ টকাৰহে খেলি-মেলি হোৱা বুলি উল্লেখ কৰে৷