চামগুৰিঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই একাংশ পুঁজিপতি তথা অসাধু ব্যৱসায়ীয়ে সুযোগ বুজি নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অবৈধ ভাৱে কৰি অহা শিল খননৰ লগতে পাহাৰ খননৰ বিষয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত বহুলভাৱে বাতৰি সম্প্ৰচাৰ হৈ অহাৰ পিছত সম্প্ৰতি গা লৰিছে কাৰ্বিআংলং জিলা প্ৰশাসনৰ লগতে বন বিভাগৰ৷
জিলাখনৰ পাৰ্কুপ, কঁঠালগুৰি, বৰজুৰি, পানীমূৰাকে আদি কৰি নগাঁও-কাৰ্বিআংলংৰ সীমান্তৱৰ্তী একাধিক অঞ্চলত আৰক্ষী আৰু বন বিভাগে আজি দিনজোৰাকৈ কৰিলে ক্ষেত্ৰ পৰিদৰ্শন। অঞ্চলটোত চলি থকা কেইবাটাও ন’-পুৰণি শিলৰ কুঁৱাৰিৰ বৰ্তমানৰ স্থিতিৰ সন্দৰ্ভত ক্ষেত্ৰ পৰিদৰ্শন কৰিলে কাৰ্বিআংলঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায় আৰু বন সংমণ্ডল বিষয়া জগনাথ ৰংপীয়ে। দুয়োগৰাকী বিষয়াই কৰা ক্ষেত্ৰ পৰিদৰ্শন কালত চামগুৰিৰ উদমাৰীৰ সীমান্তত সন্দেহজনক ভাবে ডাঙৰ শিলৰ কঢ়িয়াই নিয়া এখন AS-25 BC-0925 নম্বৰৰ ট্ৰাক জব্দ কৰাৰ লগতে সোধা-পোচৰ বাবে দলটোৱে আটক কৰে ট্ৰাক খনৰ চালকজনক।