ডিজিটেল ডেস্কঃ একাগ্ৰতা আৰু কৰ্মোদ্যম থাকিলে সফলতাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হৈ থিয় দিব নোৱাৰে৷ এই কথাকে প্ৰমাণ কৰে দেশৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতীয়ে৷

এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতীয়ে Provincial Civil Service পৰীক্ষাত তালিকাৰ শীৰ্ষত স্থান দখল কৰি ৰাষ্ট্ৰীয় মিডিয়াত উজলি উঠিছে৷ উত্তৰাখণ্ডৰ অটো চালকৰ কন্যাই সৰ্ভাৰতীয় পৰীক্ষাত উজলি উঠাৰ লগে লগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো উজলি উঠে৷

ৰাজ্য খনৰ দেহৰাডুনৰ নেহেৰু কলনিৰ বাসিন্দা তথা অটো চালক অশোক টুডিৰ কন্যা পুনম টুডিয়ে সফলতা অৰ্জন কৰে৷ Provincial Civil Service চমুকৈ PCS-judicialৰ ২০১৬ বৰ্ষৰ অনুষ্ঠিত পৰীক্ষাৰ ফলাফল বৃহস্পতিবাৰে ঘোষণা কৰে৷ Provincial Civil Serviceৰ পৰীক্ষাত পুনমে শীৰ্ষত স্থান দখল কৰে৷ এই কথা পোহৰলৈ অহাৰ পিছতেই আনন্দৰ জোৱাৰ উঠে পুনমৰ পৰিয়ালত৷ ৷

তাৰ পিছতেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত উজলি উঠে পুনম৷ দৰিদ্ৰ পৰিয়ালৰ কন্যাৰ এই সফলতা বহুতৰে বাবে অনুপ্ৰেৰণা হ’ব৷ পুনমৰ মাতৃ লতা টুডিয়ে কয়, মই আশা কৰিছো প্ৰতিগৰাকী জীয়ৰীয়ে মাতৃক ভাল পাওক৷ আনহাতে পুনৰ পিতৃ অশোক টুডিয়ে কয়, মোৰ কন্যাই কষ্টৰ বলত এই স্থান দখল কৰিছে৷ ইয়াৰ বাবে তেওৰ ভাতৃ আৰু মাতৃক কৃতিত্ব দিব লাগিব৷ তেওলোকে বহু কষ্ট কৰিছে৷

এই মুহূৰ্তত মোৰ অনুভৱ ব্যক্ত কৰিবলৈ ভাষা নাই৷ প্ৰতিগৰাকী জীয়ৰীয়ে পিতৃ-মাতৃক গৌৰৱান্বিত কৰক৷ পুনম কয়, মই অন্তৰৰে কাম কৰিছো৷ মোৰ পৰিয়ালে মোক সহায় কৰিছে৷ মোৰ দেউতা অটোৰ চালক যদিও মোৰ যাত্ৰা পথত অৰ্থৰ সংকটত পৰিব দিয়া নাই৷ মোৰ কৰ্তব্য দায়িত্ব সহকাৰে পালন কৰিছো৷ সকলো পিতৃ-মাতৃক নিজৰ কন্যা সন্তানক পঢ়াবলৈ আহ্বান জনাইছো৷ তৃতীয় বাৰত হে এই সফলতা লাভ কৰে পুনমে৷ মোৰ দেউতাই সদায় কৈছিল পৰীক্ষা দিবলৈ৷ মোৰ সপোন পূৰণ কৰাত মোৰ বন্ধু আৰু শিক্ষকসকলে সহায় কৰিছে বুলি কয়৷ পুনমে ডিএভি কলেজৰ পৰা এলএলবি কৰাৰ লগতে এম কম কৰে৷