Home ৰাজ্যদৰিদ্ৰৰ বাবে ৰোগ মানেই বৰবিহ, মানুহক ভাল পোৱা মানুহৰ সহায় লাগে ৰূপজ্যোতিক

দৰিদ্ৰৰ বাবে ৰোগ মানেই বৰবিহ, মানুহক ভাল পোৱা মানুহৰ সহায় লাগে ৰূপজ্যোতিক

by News Desk
53 views
A+A-
Reset

newsnextone.com | ছৈখোৱাঃ দৰিদ্ৰৰ বাবে সকলো ৰোগেই বৰবিহ সদৃশ৷ কোনোমতে টানিটুনি দুবেলাৰ দুমুঠিৰ যোগাৰ কৰিব পাৰি, কিন্তু যদি পৰিয়ালৰ কোনো সদস্য ৰোগত আক্ৰান্ত হয়, তেন্তে পৰিয়াললৈ নামি আহে ঘোৰ অমানিশা৷ সেই কথা বহুবাৰ বহুজনৰ ক্ষেত্ৰত প্ৰমাণ হৈছে৷ অসম মুলুকত দৰিদ্ৰ পৰিয়ালৰ কোনো সদস্যৰ সাধাৰণ ৰোগ হ’লে কেনে ধৰণৰ পৰিস্থিতি হয় সেই কথা নতুনকৈ বুজাই কোৱাৰ প্ৰয়োজন নাথাকে৷ 

কেন্দ্ৰ-ৰাজ্য চৰকাৰে গৰীৱৰ বাবে কোটি কোটি টকা খৰছ কৰি চিকিৎসালয় স্থাপন কৰে যদিও গৰীৱৰ বাবে সেয়া ফুটুকাৰ ফেন হৈ পৰে৷ বিশেষকৈ অসমৰ গ্ৰাম্য এলেকাৰ চিকিৎসা সেৱা এক প্ৰহসনহে মাথোন৷ গৰীৱক উপযুক্ত সেৱা আগবঢ়াবলৈ নাথাকে চিকিৎসক, দৰৱ তথা আন আন সুবিধা৷ ৰাজ্যৰ গ্ৰাম্য এলেকাত প্ৰতিখন চৰকাৰে চিকিৎসালয় স্থাপন কৰে যদিও সেয়া কেৱল এটা জকা হে মাথোন৷ মুঠৰ ওপৰত উপযুক্ত চিকিৎসা সেৱা বিচাৰি হায়ৰান হ’ব লগা হয় দৰিদ্ৰ পৰিয়াল৷
 
তিনিচুকীয়া জিলাৰ শদিয়াৰ এটি দৰিদ্ৰ পৰিয়ালৰো এতিয়া তেনে অৱস্থাৰ মাজেৰেই যুুঁজ দি পাৰ কৰিব লাগা হৈছে সময়৷ যোৱা ৭টা বছৰে বিচনাত যন্ত্ৰণাকাতৰ সময় পাৰ কৰিছে এগৰাকী অবলা নাৰীয়ে৷ যিগৰাকী নাৰীৰ সপোন আছিল নিজ ঘৰ খনৰ বাবে কিবা এটা কৰাৰ৷ দৰিদ্ৰ পৰিয়ালটোৰ বাবে উপাৰ্জনৰ মাধ্যম হ’ব খুজিছিল৷ জন্মৰ পৰাই দৰিদ্ৰতাক ওচৰৰ পৰা দেখা পোৱা যুৱতীগৰাকীয়ে পিতৃ-মাতৃক সুখত ৰাখিব বিচাৰিছিল৷ কিন্তু সকলো সপোন শেষ হৈ গ’ল পলকতে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0