গোলাঘাট, ১ ছেপ্টেম্বৰ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো আজিৰে পৰা গৰ্ভৱতী, প্ৰসূতি মাতৃ, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত পৰিপুষ্টি আৰু উচিত খাদ্যাভ্যাস সম্পৰ্কে তৃণমূল পৰ্যায়তে সজাগতা সৃষ্টিৰ উদ্দেশ্যে পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহ আৰম্ভ হৈছে ।
পোষণ মাহ উপলক্ষে আজিৰে পৰা জিলাখনত মাহযোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সেই অনুসৰি প্ৰথম সপ্তাহত অংগনবাড়ী কেন্দ্ৰ, বিদ্যালয় প্ৰাংগণ, পঞ্চায়ত কাৰ্যালয়, ৰাজহুৱা স্থান আদিত গছপুলি ৰোপন কৰা হ’ব । দ্বিতীয় সপ্তাহত গৰ্ভৱতী, প্ৰসূতি মাতৃ, শিশু আৰু কিশোৰীসকলক পুষ্টিকৰ খাদ্য যোগানত গুৰুত্ব আৰোপ কৰি পুষ্টিকৰ ৰন্ধন প্ৰকৰণক উৎসাহিত কৰাৰ বাবে ৰন্ধন প্ৰতিযোগিতা আৰু সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । তৃতীয় সপ্তাহতো পৰিপুষ্টি সম্পৰ্কীয় সজাগতা কাৰ্যসূচীৰ লগতে গৰ্ভৱতী, প্ৰসূতি মাতৃ আৰু শিশুসকলৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ কৰা হ’ব । চতুৰ্থ সপ্তাহত পুষ্টিহীনতাত ভোগা শিশুক চিনাক্ত কৰি পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব ।