নতুন দিল্লীঃ মন্থৰ গতি হ’লেও লকডাউনৰ মাজতে ভাৰতত প্ৰতিদিনে ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। বৃদ্ধিৰ এই হাৰ অব্যাহত থাকিলে অহা ৮ দিনৰ ভিতৰত দেশত মুঠ আক্ৰান্তৰ সংখ্যাই ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰিব পাৰে। এই সম্ভাৱনা ব্যক্ত কৰিছে পৰিসংখ্যা বিশ্লেষকসকলে।
মহামাৰী বিশেষজ্ঞসকলৰ মতে কোনো দেশতে ৰোগৰ সংক্ৰমণৰ ৰেখাচিত্ৰ একে নাথাকে আৰু সময়ে সময়ে ইয়াৰ উঠা-নমা হৈয়েই থাকে। ইয়াৰ ব্যতিক্ৰম নহয় ভাৰতো। ফলত সাধাৰণ গণিতৰ হিচাপত আক্ৰান্তৰ সংখ্যাৰ অনুমান কৰাতো সম্ভৱ নহয় বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে।