নিউজিলেণ্ডত খুলিছে ৰেষ্টুৰেণ্ট, যাব পাৰিব আত্মীয়ৰ ঘৰলৈ

কৰ’নাৰ পৰা একপ্ৰকাৰ মুক্ত হৈ পৰিছে নিউজিলেণ্ড। মঙলবাৰৰ পৰা দেশখনত লকডাউন শিথিল কৰি দি ৰেষ্টুৰেণ্টসমূহ খোলাৰ অনুমতি দিয়া হৈছে আৰু নাগৰিকসকলক আত্মীয়ৰ ঘৰলৈ আহ-যাহ কৰাত থকা বাধা উঠাই দিয়া হৈছে। অৱশ্যে সকলোকে সমাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ কোৱা হৈছে।

► ভাৰতত কৰ’নাত মৃত্যুৰ সংখ্যা ৯৩৪লৈ বৃদ্ধি

ভাৰতত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ। যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৬২ গৰাকী ৰোগীৰ। স্বাস্থ্য বিভাগৰ তথ্য অনুযায়ী আজি পুৱা ৯ বজালৈকে ৰোগবিধত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছেগৈ ২৯,৪৩৫ জন। ইয়াৰে ৬,৮৬৮ জন ইতিমধ্যে সুস্থা হৈ উঠিছে। 

► চীনৰ চাংহাইৰ শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ

চীনৰ অন্যতম বৃহৎ চহৰ চাংহাইৰ শিক্ষানুষ্ঠানসমূহত আৰম্ভ হৈছে পাঠদান। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ব্যৱস্থাৰে চহৰখনৰ শিক্ষানুষ্ঠানসমূহ আজিৰে পৰা খুলি দিয়া হৈছে। বেইজিঙতো বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠদান আৰম্ভ হৈছে।

► চীনক লৈ পুনৰ ক্ষুব্ধ ড’নাল্ড ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ বিৰুদ্ধে পুনৰ ক্ষোভ উজাৰিছে। কৰ’না ভাইৰাছক লৈ চীনৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিব বুলিও সংবাদমেলত সদৰী কৰিছে ট্ৰাম্পে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চীনে ইচ্ছা কৰিয়েই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পাই দিছে।

► লালুপ্ৰসাদ যাদৱৰো কৰা হ’ব পাৰে কৰ’না টেষ্ট

আৰজেডিৰ নেতা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱৰ চিকিৎসাত নিয়োজিত ডাঃ উমেশ প্ৰসাদক কোৱাৰেণ্টাইন কৰা হৈছে। চিকিৎসকগৰাকীৰ দেহত পজিটিভ ধৰা পৰিলে লালুপ্ৰসাদ যাদৱৰো কৰ’না টেষ্ট কৰা হ’ব বুলি চিকিৎোলয়ৰ সূত্ৰই জনাইছে।

► বিশ্বত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩০ লাখলৈ বৃদ্ধি

জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ শেহতীয়া পৰিসংখ্যা অনুযায়ী সমগ্ৰ বিশ্বতে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৩০ লাখ অতিক্ৰম কৰিছে। ৰোগবিধত বিশ্বত প্ৰাণ হেৰুৱাইছে ২,০৮,০০০ জনে। সৰ্বাধিক ৯৭ হাজাৰ লোক আক্ৰান্ত হৈছে আমেৰিকাত। আনহাতে ৰাছিয়াতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৮৭ হাজাৰৰ আধিক।

► মুম্বাই আৰক্ষীৰ ৫৫ জন জোৱানক কোৱাৰেণ্টাইনৰ পৰামৰ্শ

মহাৰাষ্ট্ৰ চৰকাৰৰ স্বাস্থ্য বিভাগে মুম্বাই আৰক্ষীৰ ৩জনকৈ জোৱানৰ কৰ’নাত মৃত্যু হোৱাৰ পিছত ৫৫ জন জোৱানক কোৱাৰেণ্টাইনত থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। মৃত্যুমুখত পৰা আটাইকেইজন আৰক্ষী জোৱানৰে বয়স প্ৰায় ৫০ বছৰ আছিল বুলি জনাইছে মুম্বাই আৰক্ষী সূত্ৰই।

► অতি ধনীসকলৰ ওপৰত অধিক কৰ আৰোপ কৰিবলৈ কৈ বিপদত বিষয়া

কৰ’না সংকটৰ সৈতে যুঁজ দিবৰ বাবে অতি ধনীসকলৰ আয়কৰ বৃদ্ধি কৰিবলৈ কৈ এতিয়া বিপদত পৰিছে ৩গৰাকী আয়কৰ বিষয়া। এই বিষয়াকেইগৰাকীক তেনে প্ৰস্তাৱ দিয়া বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে চৰকাৰে।

► বিটিএডিত ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে আদালতলৈ যাব হাগ্ৰামা

বিটিচি প্ৰশাসনৰ কাৰ্যকাল ২৭ এপ্ৰিলত শেষ হোৱাৰ পিছতে ৰাজ্যপালৰ শাসন ঘোষণা কৰাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব বিপিএফ। মঙলবাৰে এই কথা সদৰী কৰিছে দলটোৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে। পুনৰ বিটিএডিত বিপিএফ ক্ষমতালৈ আহিব বুলিও দাবী কৰে হাগ্ৰামাই।

► পশ্চিম কাৰ্বি আংলং জিলাতো গাহৰিৰ অস্বাভাৱিক মৃত্যু

এইবাৰ পশ্চিম কাৰ্বি আংলং জিলাতো দেখা গৈছে গাহৰিৰ অস্বাভাৱিক মৃত্যু। জিলাখনৰ দুৱাৰআমলা পৰিষদীয় সমষ্টিৰ প্ৰায় ১০ খন গাঁৱত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে বহু গাহৰিৰ। উল্লেখ্য যে ৬খন জিলাত গাহৰিৰ এনে মৃত্যুৰ পিছত জিলাকেইখনত নিষিদ্ধ কৰা হৈছিল গাহৰিৰ মাংস বিক্ৰী।