বালিপৰাঃ অাজিৰ পৰা দুবছৰ অাগতে বৃহত্তৰ চাৰিদুৱাৰ বালিপৰা মৌজাৰ ৰাইজৰ উদ্যোগত তথা আছু অসম সেনা আৰু বহু কেইটা জাতীয় সংগঠনৰ সহযোগত চাৰিদুৱাৰত অৱস্থিত পাৱাৰগ্ৰীড কাৰ্য্যালয়ে ৰাইজৰ হিতৰ বিপৰীতে গৈ কৰা কিছুমান কাৰ্য্যকলাপৰ বিপক্ষে প্ৰতিবাদ সাব্যস্ত কৰি এখন ৰাজহুুৱা অাহ্বাহন কৰি কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰি স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল।
স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত নিৰ্দিষ্ট সময় সীমা বান্ধি দিয়াৰ পিছত সন্মানীয় চক্ৰ বিষয়া গৰাকীৰ মধ্যস্ততাত বিষয়টোৰ ওপৰত পাৱাৰ গ্ৰীডৰ লগত অালোচনাৰ জৰিয়তে সমাধান কৰাৰ বাবে পাৱাৰগ্ৰীডে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো অাজি পৰ্য্যন্ত স্মাৰক পত্ৰ উল্লেখিত এটাও সমস্যা সমাধান কৰা দেখা নগল যাৰ পৰিপেক্ষিতত অাজিও বহুু কেইখন গাওঁ সমস্যা সমুহৰ বাবে জীয়াতো ভূগি অাছে।