কাজলগাঁওঃ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ দুৰ্গা মণ্ডপত আজি চিৰাং জিলা প্ৰশাসনে ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা‘ৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা‘ৰ জৰিয়তে দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ লোকসকলক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ বিতৰণৰ ব্যৱস্থা কৰা হৈছে।
চিৰাং জিলাত আজি এই যোজনাৰ শুভাৰম্ভ কৰে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ মন্ত্ৰী গৰাকীয়ে নিৰ্বাচিত হিতাধীকাৰী সকলৰ মাজত আনুষ্ঠানিকভাবে ৰন্ধন গেছ সংযোগৰ প্ৰমাণপত্ৰ বিতৰণ কৰে। ভাষণত মন্ত্ৰী ব্ৰহ্মই কেন্দ্ৰীয চৰকাৰৰ এই আঁচনিৰ জৰিয়তে দুখীয়া লোক সকল উপকৃত হ‘ব বুলি কয়৷