ডিজিটেল ডেক্স,বিহালীঃ দক্ষিন চতিয়াৰ কৰৈয়ণী নতুন চেন্টাৰ মছজিদ বাকৰিত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ছাইফুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত প্ৰয়াসৰ আজিৰ সজাগতা সভাখনৰ আতঁ ধৰে ‘প্ৰয়াস’ৰ সভাপতি আবিদুৰ ৰহমানে। সভাৰ আলোচ্য বিষয় আছিল স্বচ্ছতা আৰু সংখ্যালঘু অঞ্চলৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত৷ সভাত অতিথি হিচাপে উপস্হিত থাকে আমছু কেন্দ্ৰীয় সহকাৰী সম্পাদক কুদ্দুছ আলি চৰকাৰ, বিশ্বনাথ জিলা আমছুৰ সম্পাদক ফকিৰ আলি, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিষয়ববীয়া ,আলিম ওলেমাকে আদি কৰি প্ৰায় শতাধিক লোক।
সভাৰ আৰম্ভণিতে স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী হিচাপে প্ৰয়াসৰ কৰ্মকৰ্তাৰ দ্বাৰাই চৌহদ পৰিস্কাৰ কৰা হয় আৰু প্ৰয়াসৰ তৰফৰ পৰা মছজিদ প্ৰাঙ্গনত দুটা ডাষ্টবিন দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সজাগতা সভাত বনবিষয়া নছিবুৰ ৰহমানে স্বচ্ছতা , এন.আৰ.চি , বাল্যবিবাহ আদি বিভিন্ন সমস্যাৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়। শিক্ষক নুৰ হুছেইনেও সংখ্যালঘু অঞ্চলত দেখা দিয়া বিভিন্ন আৰ্থ-সামাজিক, শৈক্ষিক সমস্যাৰ ওপৰত আলোকপাত কৰে। চি আৰ চি চি ওৱাহেদ আলিয়ে সংখ্যালঘু অঞ্চলৰ কিদৰে গুনগত শিক্ষা প্ৰদান কৰিব পাৰি সেই বিষয়ে আলোচনা আগবঢ়ায়।
সভাত বিহালী স্বাস্হকেন্দ্ৰৰ পৰিকল্পনা প্ৰৱন্ধক প্ৰিন্স জেহিৰুল ইছলামে স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাৰ ওপৰত সজাগতা বিষয়ক গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে । উপস্থিত বিভিন্ন দল সংগঠনে প্ৰয়াসৰ প্ৰচেষ্টাক প্ৰশংসা কৰাৰ লগতে উত্তৰোত্তৰ কামনা কৰে । প্ৰয়াসৰ সম্পাদক আব্দুল ৰহমান আৰু প্ৰয়াসৰ অন্যান্য সদস্যসকল কাৰ্যসুচী সুচাৰুৰূপে অনুষ্ঠিত কৰি সাফল্যমন্ডিত কৰাৰ বাবে সভাৰ সভাপতিয়ে তেখেতসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।