ডিজিটেল ডেস্কঃ বিধান সভাত প্ৰেতাত্মাৰ প্ৰৱেশ ঘটিছে৷ প্ৰেতাত্মাই হানি-বিঘিনি ঘটাব পাৰে৷ সোনকালে আত্মাক ধৰি বাহিৰ কৰিব লাগে বিধান সভা চৌহদৰ পৰা৷ এয়া কোনো সাধুকথাৰ এটা অংশ নহয়৷ এয়া যেন বাস্তৱ প্ৰচাৰহে ভাৰতবৰ্ষত৷ উচ্চ শিক্ষিত, সজাগ, সচেতন মানুহৰ সমৱেত হোৱা ঠাই বুলি ভবা বিধান সভাৰ মজিয়াত এতিয়া ভয়-আশংকাৰ পৰিৱেশ৷
২১ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয় যাত্ৰাৰ সময়তেই ৰাজস্থান বিধান সভাৰ চৌহদত পুৰোহিত মাতি আনি মন্ত্ৰ উচ্চাৰণ কৰি ধূপ-ধুনা জ্বলাই খেদিব লগা হ’ল প্ৰেতাত্মা৷ এই কাণ্ড সংঘটিত হ’ল ৰাজস্থান বিধান সভাৰ চৌহদত৷ বিধায়ক সকলৰ মতে, ভূতৰ ছাঁয়া পৰিছে বিধান সভাৰ চৌহদত৷ ২০০ আসনৰ বিধান সভা কোনো দিনে সম্পূৰ্ণ নহয় বুলি কয়৷