নলবাৰী/গোলকগঞ্জঃ আকাশ চুইছে খাদ্য-সামগ্ৰীৰ মুল্যই৷ ভাল দিনৰ শ্ল’গান দি দিছপুৰৰ মছনদ দখল কৰা ৰাজ্য চৰকাৰে খাদ্য-সামগ্ৰীৰ মুল্য ব্যৱসায়ীয়ে নতৌ বৃদ্ধি কৰাৰ পাছতো নাকি লগাব পৰা নাই ব্যৱসায়ীক৷ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰিহন দৈমাৰীয়ে অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহন কৰাৰ সময়তে নলবাৰী-ধুবুৰী আদি জিলাত বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধিয়ে আকাঅশ চুইছে।
নলবাৰী জিলাত দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা খাদ্য সামগ্ৰী আৰু শাক-পাচলিৰ অস্বাভাৱিক হাৰত মূল্যবৃদ্ধিয়ে কোঙা কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক৷ জিলাখনৰ অন্যান্য প্ৰান্তৰ লগতে সাপ্তাহিক বজাৰ আৰু গধুলী বজাৰত খাদ্য-সামগ্ৰী আৰু শাক-পাচলিৰ অস্বাভাৱিক মূল্যবৃদ্ধিত গ্ৰাহকসকল বিপাঙত পৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই৷