কাছাৰঃ ছ’চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট শ্বেয়াৰ কৰাৰ বাবে আটক হৈছে পিতা-পুত্ৰ। কাছাৰৰ কাটিগড়াত পিতা-পুত্ৰই হোৱাটচআপৰ ডিপিত ভাৰতৰ প্রধানমন্ত্রীৰ ব্যংগ চিত্র ৰাখিছিল। 

এই অভিযোগতে গ্ৰেপ্তাৰ হৈছে হাইলাকান্দি জিলাৰ কাটাখাল জানকি চৰণ উচ্চতৰ মাধ্যমকি বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধক্ষ্য আব্দুল হামিদ বৰভুঞা। 

কাটিগড়া সমষ্টিৰ গংগাপুৰৰ নিবাসী হামিদৰ পুত্ৰ ইমদাদুৰ ৰহমানকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 

কাটাখাল এলেকাৰ বিজেপি নেতা বিধান চন্দই মঙলবাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত হাইলাকান্দি আৰক্ষী আৰু কাটিগড়া আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰে।