টকিঅ’ অলিম্পিকত একমাত্ৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰালৈ উপহাৰৰ বন্যা

Home অন্যান্য খবৰটকিঅ’ অলিম্পিকত একমাত্ৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰালৈ উপহাৰৰ বন্যা

টকিঅ’ অলিম্পিকত একমাত্ৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰালৈ উপহাৰৰ বন্যা

by News Desk
53 views
A+A-
Reset

ডিজিটেল ডেস্ক,৮ আগষ্টঃ টকিঅ’ অলিম্পিকত স্বর্ণ জয়েৰে ১৩৫ কোটি ভাৰতীয়ৰ অযুত সপোন পূৰণ কৰা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রালৈ উপহাৰৰ বন্যা বৈছে৷ ভাৰতীয়ক গৌৰৱান্বিত কৰা ২৩ বছৰীয়া তাৰকাগৰাকীক ৬ কোটিৰ আর্থিক পুৰস্কাৰ আৰু গ্রেড–১ চাকৰি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে তেওঁৰ গৃহ ৰাজ্য হাৰিয়ানা চৰকাৰে৷ হাৰিয়ানাৰ মূখ্যমন্ত্রী মনোহৰ লাল খট্টৰে হাৰিয়ানাৰ সন্তান নীৰজৰ এই সাফল্যত উৎফুল্লিত হৈ খেলুৱৈগৰাকীলৈ বৃহৎ পুৰস্কাৰ ঘোষণা কৰিছে৷

ইফালে মহিন্দ্ৰা কোম্পানীৰ স্বত্বাধিকাৰী আনন্দ মহিন্দ্রাই নীৰজ চোপ্রালৈ এখন ব্রেণ্ড নিউ এক্স ইউ ভি–৭০০ গাড়ী উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে৷ শনিবাৰে বিয়লি টকিঅ’ৰ ট্রেকত খলকনি তুলি নীৰজ চোপ্রাই দেশবাসীৰ ১২১ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই অলিম্পিকৰ এথলেটিকছত স্বর্ণ জয়ৰ পিছতে প্রখ্যাত উদ্যোগপতিগৰাকীয়ে টুইটাৰত কয় যে নীৰজক দেশলৈ উভতি আহিলেই প্রখ্যাত গাড়ী নির্মাণকাৰী কোম্পানীটোৱে নীৰজক এখন বিলাসী এক্স ইউ ভি–৭০০ গাড়ী আগবঢ়াব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0