71
ৰঙিয়াঃ ৰঙিয়া চহৰৰ সোমাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত এক পথ দূৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত এগৰাকী প্ৰবক্তা সহ তেওঁৰ ১২ বছৰীয়া পুত্ৰ গুৰুতৰ ভাবে আহত হয়।
জানিব পৰামতে কলগেছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ উদ্ভিদবিজ্ঞান বিভাগৰ প্ৰবক্তা ড. জাহানাৰা বেগম আৰু তেওঁৰ পুত্ৰ চৈয়দ তানভিৰ আহমেদে (১২) কলগেছিয়া অভিমুখে গুৱাহাটীস্থিত জিএনআৰচিৰপৰা গৃহ অভিমুখে গৈ আছিল।