72
লালুকঃ লখিমপুৰ জিলাৰ বঙালমৰাৰ আহমেদপুৰৰ পথাৰত কৃষক ৰাইজে জ্বলালে কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি ৷ লগতে ক্ষুব্ধ কৃষকে পোকে খাই অনিষ্ট কৰি পেলোৱা বড়ো ধানৰ পথাৰত অগ্নি সংযোগ কৰি প্ৰতিবাদ জনায়৷
উল্লেখ্য যে বঙালমৰাৰ আহমেদপুৰ, বৰচলা, পানধোৱা, মহঘুলি, যুৱনগৰ, তিনিঠেংগীয়া, দৌলতপুৰ আদিকে ধৰি বিভিন্ন প্ৰান্তৰ কেইবা হাজাৰ হেক্টৰ বড়ো ধানৰ পথাৰত ওলাইছে ধানৰ সলনি পতান৷ ইফালে পতানৰ বাহিৰেও পোকে খাই নিঃশেষ কৰি দিছে বৃহত্তৰ অঞ্চলৰ বড়ো ধানৰ খেতি ৷