দুলীয়াজানঃ নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিলৰ দাবীত দুলীয়াজানৰ ভাদৈ পাঁচ আলিত বঙালী সমাজৰ উত্তাল প্ৰতিবাদ।

উল্লেখযোগ্য যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মংগলবাৰে দুলীয়াজানৰ ভাদৈ পাঁচ আলিৰ বঙালী ভাষীৰ ব্যৱসায়ী সকলৰ লগতে আন জাতি জনগোষ্ঠীয় লোক সকলে ও নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি ৰাজপথলৈ ওলাই অহাৰ লগতে এক প্ৰতিবাদী সমদল বাহিৰ কৰে বঙালী সমাজৰ উপৰিও ভাদৈ অঞ্চলৰ শ শ লোক ।ভাদৈ নগৰৰ মাজমজিয়াৰ পৰা বাহিৰ কৰা এই প্ৰতিবাদী সমদলত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰে ভাদৈৰ আকাশ বতাহ ।