বেতবাৰীঃ চৰকাৰ গঠন কৰিয়েই চমক সৃষ্টি কৰিবলৈ আমগুৰি তাপ বিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম মাথো কেইদিনমান কৰিয়েই দায়িত্ব সামৰা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থা৷ সংগঠনটোৱে আমগুৰি তাপ বিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্য ক্ষিপ্ৰ কৰাৰ দাবীত বৃহস্পতিবাৰে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
সদৌ তাই আহোম ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক সমিতিয়ে বৃহস্পতিবাৰে আমগুৰি চাৰিআলিত ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰি হাজাৰ হাজাৰ জনতাৰ আৱেগ বিজড়িত প্ৰকল্পটো কুটিল ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে নিৰ্মাণ কাৰ্য্য স্তব্ধ হৈ পৰা বুলি অভিযোগ উত্থাপন কৰে৷ জাতি, মাটি আৰু ভেটি তথা পৰিৱৰ্তনৰ কথা কোৱা মিত্ৰজোঁটৰ চৰকাৰ শাসনলৈ অহাৰ লগে লগে প্ৰকল্পটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি চমক সৃষ্টি কৰিছিল যদিও সেই নিৰ্মাণ কাৰ্য্য কিছু দিন চলি বন্ধ হৈ পৰে৷