চাবুৱাঃ শিৱসাগৰ জিলাৰ সামগ্ৰীক উন্নয়নৰ দাবীত আজি টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে নাজিৰা নাট্যমন্দিৰৰ সন্মুখত অৱস্থান ধৰ্ম্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দীগন্ত তামুলী আৰু সাধাৰণ সম্পাদক সুৰজ গগৈৰ নেতৃত্বত শতাধিক টাইপা কৰ্মীয়ে অৱস্থান ধৰ্ম্মঘট কাৰ্যসূচীত উপস্থিত থাকে।
ঐতিহাসিক শিৱসাগৰ জিলাখনত বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, মাইনিং স্কুলকে ধৰি উচ্চশিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰা, শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্ত্তিচিহ্ন সমূহ বেদখলমুক্ত কৰাৰ লগতে সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰা, শিৱসাগৰ জিলাত তেল শোধনাগাৰ, এলপিজি বটলিং প্লান্ট আৰু আমগুৰি তাপ বিদ্যুৎ প্ৰকল্পকে ধৰি বিভিন্ন গুৰু উদ্যোগ অতি শীৰ্ঘে স্থাপন কৰা, শিৱসাগৰ জিলাত এটা বিমান বন্দৰ স্থাপন কৰা, যাতায়ত আৰু পথ পৰিবহন ব্যৱস্থা উন্নতি সাধন কৰাৰ দাবী জনাই শিৱসাগৰ জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে টাইপাৰ শিৱসাগৰ জিলা সমিতিয়ে।