চাবুৱাঃ দিন দিয়েক পূৰ্বে মৰিয়নীৰ এখন মহাবিদ্যালয়ত যুদ্ধ চলিছিল। যুদ্ধৰ এটা পক্ষই দিছিল ভাৰত মাতা কী জয় ধ্বনি। আৰু আনটো পক্ষই দিছিল জয় আই অসম ধ্বনি। চিলাপথাৰ কাণ্ডৰ পৰা ক্ৰমাৎ ক্ষিপ্ৰতৰ হৈ উঠা এই যুদ্ধ যেন এইবাৰ তুংগত উঠিছে।
নগাঁৱত ডকাইত সজাই প্ৰাক্তন আলফা মুন বৰাক অনা-অসমীয়া ব্যৱসায়ীয়ে প্ৰহাৰ কৰা ঘটনাৰ পিছতে চিলাপথাৰ কাণ্ডৰ দৰেকৈ জ্বলি উঠিছে সমগ্ৰ অসম। শুকুৰবাৰে খিলঞ্জীয়া ঐক্য মঞ্চৰ প্ৰতিবাদী সমদলৰ অন্তত নিৰ্দোষী প্ৰাক্তন আলফা সদস্যকেইজনক বিনা চৰ্তে মুকলি কৰি দিয়াৰ পিছতো অব্যাহত আছে উত্তেজনা আৰু প্ৰতিবাদ।