নলবাৰীঃ বেটৰ আগত বিদ্যা বোলা কথাষাৰ এতিয়া অতীত হ’ল৷ এতিয়া বেটৰ আগেৰে শিক্ষা দিবলৈ গলে শিক্ষকে জেলৰ ভাত খাব লাগিব বুলি জানিও একাংশ শিক্ষকে বাৰে বাৰে আইন হাতত তুলি লয়৷
এইবাৰ অধ্যক্ষৰ প্ৰহাৰত লেবেজান হ’ল অষ্টম শ্ৰেণীৰ ছাত্ৰ৷ নলবাৰীৰ চহৰৰ সমীপৰ বড়িদতৰাস্থিত বিষ্ণুৰাম মেধী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতেল অষ্টম শ্ৰেণীৰ সোনটি নামৰ ছাত্ৰ গৰাকীক টকা চুৰি কৰাক সন্দেহত অধ্যক্ষ মনোৰঞ্জন ভট্টাচাৰ্য্যই বেটেৰে বেয়াকৈ প্ৰহাৰ কৰে৷