68
ৰঙিয়াঃ বেণ্ডপাৰ্টিলৈ বেণ্ড বজাই মৃতকক নিলে শ্মশানলৈ। শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সঁচা। দুখ বেদনাৰে নহয়, আনন্দেৰে শোভাযাত্ৰা কৰি শ্মশানলৈ নিয়া হ’ল আপোনজনৰ মৃতদেহ।
শুকুৰবাৰে এই বিৰল দৃশ্য দেখা গ’ল কামৰূপ জিলাৰ ৰঙিয়াত। চহৰখনৰ ভট্টাপাৰা নিবাসী বিমল ফেঞ্চি ষ্টোৰৰ স্বত্বাধিকাৰী বিমল জৈনৰ মৃতদেহ পৰিয়ালবৰ্গ আৰু ওচৰ-চুবুৰীয়াই বিয়াৰ দৰেকৈ বেণ্ড বজাই শ্মশানলৈ নিয়ে।