গোৰেশ্বৰ/ডিব্ৰুগড়ঃ প্ৰাক্তন আলফাক অনা-অসমীয়া ব্যৱসায়ীয়ে হত্যা চেষ্টা কৰাৰ ঘটনাই ৰাজ্য উত্তাল কৰি ৰাখিছে৷ বিভিন্ন দল-সংগঠনে ঘটনাৰ প্ৰতিবাদ তথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সময়তে নগাঁৱৰ প্ৰাক্তন আলফাৰ আক্ৰমণৰ ঘটনাক গৰিহণা দিছে গৰীয়া-মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদে৷
সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰফিউল হুছেইন বৰুৱা আৰু সাধাৰণ সম্পাদক ফজলুল কৰিম হাজৰিকাই অসমীয়া যুৱকৰ ওপৰত এচাম বহিৰাগত বণিয়াৰ আক্ৰমণৰ ঘটনাক সহজ ভাবে ল’ব পৰা নাই বুলি কয়৷ দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনোৱাৰ লগতে থলুৱাৰ ওপৰত অনা-অসমীয়াৰ আক্ৰমণ সহ্য কৰা ন’ব বুলি সকীয়াই দিয়ে সংগঠনটোৱে।