বিহালীঃ বিদ্যুৎৰ আহ-যাহত অতিষ্ঠ হৈ পৰিছে ৰাজ্যৰ জনসাধৰন৷ ২৪ ঘন্টাই বিদ্যুৎ সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি গাদী দখল কৰা বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যবাসী৷
বিশ্বনাথ জিলাৰ বিশ্বনাথ বিদ্যুত সংমণ্ডলৰ অধীনৰ আৰু বৃহত্তৰ বৰজাৰণী বাসীয়ে বিদ্যু সেৱা নিয়মীয়া কৰাৰ দাবী জনাইছে৷ দহৰ পৰা বাৰ ঘণ্টা লৈকে বিদ্যুত কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিদ্যুত কৰ্তনৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ী সকলেও লোকচানৰ সন্মুখীন হৈ আহিছে।