বাইহাটা চাৰিআলিঃ পূৱ কামৰূপ মহাবিদ্যালয়ৰ ৰেগিং কাণ্ডৰ চাঞ্চল্য বৰ্তমানেও মাৰ যোৱা নাই। ঐতিহাসিক পূৱ কামৰূপ মহাবিদ্যালয়ৰ ছাত্রী নিৱাসৰ ছাত্রী তথা মহাবিদ্যালয়খনৰ কলা শাখাৰ দ্বিতীয় ষাণ্মসিকত অধ্যয়নৰত ৰিতুমনি বেগমে একেটা হোষ্টেলৰে মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাৰ চতুৰ্থ ষাণ্মসিকৰ ছাত্রী কৰিশ্মা শৰ্মাৰ বিৰুদ্ধে ৰেগিং কৰাৰ অভিযোগ উত্থাপন কৰি বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল৷
পূৱ কামৰূপ মহাবিদ্যালয়ৰ ৰিতুমনি নামৰ ছাত্ৰীগৰাকীয়ে একেখন মহাবিদ্যালয়ৰ আন এগৰাকী ছাত্ৰী কৰিশ্মা শৰ্মাৰ বিৰূদ্ধে ৰেগিং কৰাৰ অভিযোগ উত্থাপন কৰাৰ কথা ৰাজহুৱা হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ এই ঘটনা ৰাজহুৱা হোৱাৰ পাছত হোষ্টেলত থকা ৭২ গৰাকী ছাত্ৰীয়ে এই ঘটনাক আক্ৰোশমূলক আখ্যা দিছে ৷