গৰৈমাৰীঃ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰী অঞ্চলৰ ৰাইজ৷ বিদ্যুৎ বিভাগৰ ফিডাৰ লীজত লৈ ব্যৱসায় কৰি অহা লোকে বিদ্যুৎ বিল অত্যাধিক প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি আজি গৰৈমাৰিৰ ভিতৰদুৱাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গৰৈমাৰিৰ ভিতৰদুৱাৰত আজি স্বেচ্ছাসেৱী অনুষ্ঠান এটাৰ লোকে বিল দিবলৈ গাঁও খনত যোৱাৰ পাছতে বিদ্যুৎ গ্ৰাহক সকলে অত্যাধিক বিল দেখি উত্তেজিত হৈ পৰে।
ছয়গাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ গৰৈমাৰী ফিডাৰটো গৰৈমাৰীৰে চাম্পুপাৰাৰ এজন লোকে নিজ পৰিয়ালৰ সদস্যৰে গঠিত মনোময় উন্নয়ন পৰিষদ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ নামত লীজত লয়৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে গৰৈমাৰী বজাৰকে আদি কৰি অঞ্চলটোৰ বিভিন্ন গাঁৱত নামে বেনামে বিদ্যুৎ সংযোগ দি গ্ৰাহকৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। অবৈধ ভাবে বিদ্যুৎ সংযোগ দি গ্ৰাহক সকলৰ নাম ছয়গাঁও বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা নাছিল স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে।