দলংঘাটঃ মদ বিক্ৰী কৰি থকা অৱস্থাত দৰং জিলাৰ দেওমৰনৈৰ শনিবৰীয়া সাপ্তাহিক বজাৰত মদ ব্যৱসায়ী এজনক ৰাইজে হাতে-লোটে ধৰে। দৰং জিলাৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা অঞ্চল হিচাপে পৰিচিত হৈ অহা দেওমৰনৈ অঞ্চলত অবাধ সুৰাই ছানি ধৰাৰ অভিযোগ উত্থাপিত হৈছে।
কিন্তু এইক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। মাজে সময়ে আবকাৰী বিভাগে দুই এজন মদ ব্যৱসায়ীক আটক কৰে যদিও টকা পইচাৰ লেন-দেনৰ জৰিয়তে মুকলি কৰি দিয়ে বুলি ৰাইজে অভিযোগ তুলিছে।