ওৰাংঃ আঁচনিখন আছিল বিশুদ্ধ খোৱাপানী যোগানৰ। কিন্তু নামটোহে বিশুদ্ধ, খোৱাৰ কোনো উপায় নাই। চৌদিশে চৰকাৰী-বেচৰকাৰী সংস্থা-সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰতৰ জয়গান গাই ফুৰিলেও স্বচ্ছতাৰ স্বটোও নাই ওৰাঙৰ পানীযোগান আঁচনিবোৰত।
আবৰ্জনা আৰু অপৰিষ্কাৰ পৰিৱেশতে পানী মজুত কৰি সেই পানীয়ে বিশুদ্ধ বুলি বিতৰণ কৰি একপ্ৰকাৰ বেমাৰ বিয়পোৱাৰ বাবেহে যেন এই বিশুদ্ধ পানীযোগান আঁচনি। ওদালগুৰি জিলাৰ টংলা সংমণ্ডলৰ অন্তৰ্ভুক্ত ওৰাঙৰ পানী যোগান আঁচনিৰ বৰ্ণনাই ইয়াত দিয়া হৈছে।