নামতিঃ শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত নামতিৰ মিছাজানত ৫৬ সংখ্যক ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্রস্তুতি চলাই তথা পৰিলক্ষিত হৈছে৷ অহা ৩ আৰু ৪ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে শ্রীমন্ত শংকৰদেৱ কলা বিকাশ কেন্দ্র আৰু মিছাজান ৰাস মঞ্চত অনুষ্ঠিত হ’ব৷
ইতিমধ্যে অতুল মহন্তক সভাপতি, অবিত কলিতাক কর্যকৰী সভাপতি, কৃষ্ণ মোহন হাজৰিকাক মুখ্য সম্পাদক, আৰু ৰূপম কলিতা, পংকজ কোঁৱৰ, ধ্রুৱজ্যোতি কলিতা, কৃষ্ণ কমল কলিতা, কন্দর্প নেওগক সাধাৰণ সম্পাদক হিচাপে লৈ উদযাপন সমিতি গঠন কৰা হয়।