88
ৰঙিয়াঃ ৰঙিয়া আৰক্ষী থানা এলেকাৰ ৰঙিয়া চহৰৰ সমীপৰ নকুলত ঘৰুৱা কাজিয়াই ললে ভয়ংকৰ ৰূপ৷ সৰু আলী নামৰ এজন লোকক চুৰিৰে আক্ৰমণ কৰাত গুৰুতৰ ভাবে আহত হৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰিব লগা হয়৷
জানিব পৰা মতে, নকুলৰ সৰু আলি আৰু খচনুৰ আলীৰ পৰিয়ালৰ মাজত কাজিয়াৰ সুত্ৰপাত হয় দেওবাৰে৷ তাৰ মাজতে দস্যু প্ৰকৃতিৰ খচনুৰ আলীয়ে সৰু আলীক চুৰিকাঘাট কৰে৷