গুৱাহাটীঃ আইন শৃংখলাত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰক্ষীকে হত্যা কৰাৰ৷ সেয়াও এগৰাকী বিষয়াক হত্যাৰ অভিযোগ উত্থাপন হৈছে আন এগৰাকী বিষয়াৰ বিৰুদ্ধে৷ এগৰাকী আৰক্ষী বিষয়াক কাৰাগাৰৰ ভিতৰত বিহ খুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাত ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ তফিজুদ্দিন আহমেদ নামৰ বিষয়াগৰাকীৰ পৰিয়ালে ভৰলুমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ৷
শনিবাৰে নিশা কাৰাগাৰৰ ভিতৰত মৃত্য হয় তফিজুদ্দিন আহমেদ নামৰ বিষয়াগৰাকীৰ৷ তেও যোৱা কেবাদিনধৰি কাৰাবন্দী হৈ আছিল মহানগৰীৰ কেন্দ্ৰীয় কাৰাগাৰাত৷ মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ সহ পৰিদৰ্শক আহমেদে আৰক্ষী থানাৰ ভিতৰত এগৰাকী নাবালকক প্ৰহাৰ কৰাৰ অভিযোগত অভিযুক্ত হৈ কাৰাবন্দী হৈ আছিল৷ তফিজুদ্দিন আহমেদৰ লগতে আৰক্ষী বিষয়া আজিজুল ৰহমানো একেটা গোচৰত গ্ৰেপ্তাৰ হৈছিল৷