newsnextone.com | গোৰেশ্বৰ/চাবুৱা/নলবাৰী/বৰপেটা/মাজুলী/মৰিয়নীঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বুধবাৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক ৰাইজে স্মৰণ কৰে৷ মহানগৰীৰ সমীপৰ সোণাপুৰত ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয়৷ ৰাভা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, সাংস্কৃতিক মন্ত্ৰী নৱ দলৈ, বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদি উপস্থিত থাকে৷
ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে সোণাপুৰ মিনি ষ্টেডিয়ামত পালন কৰা ৰাভা দিৱসত উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে বিষ্ণু ৰাভাক স্মৰণ কৰি জাতিটোক ৰাভাৰ আদৰ্শৰে আগুৱাই নিব লাগিব বুলি পোষকতা কৰে৷ ৰাজ্যৰ সমগ্ৰীক উন্নয়ন কৰিবলৈ হ’লে সকলোৱে যোগাত্মক চিন্তা ধৰাৰ কৰাৰ প্ৰয়োজন আছে বুলি কয়৷ বৰাক-ব্ৰহ্মপুত্ৰৰ সমূহ ৰাইজে একত্ৰিত হৈ চলিব লাগিব বুলি কয়৷