গোৰেশ্বৰঃ ভাল শিক্ষকেহে এখন ভাল সমাজ গঢ়িব পাৰে। সুস্থ ভৱিষ্যত প্ৰজন্ম গঢ় দিবলৈ আমাৰ সমাজক নিশ্চিত ভাৱে ভাল শিক্ষকৰ প্ৰয়োজন হ’ব। সেয়েহে আজিৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলে নিজকে একোজন ভাল শিক্ষক হিচাপে গঢ় দিয়াৰ মানসিকতাৰে আগুৱাই যাব লাগে। এই মন্তব্য নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা মনেশ্বৰ ৰাভাৰ।
আজি বাগসা জিলাৰ গোৰেশ্বৰত নিখিল ৰাভা ছাত্ৰ সন্থাৰ বাগসা জিলা সমিতিৰ উদ্যোগত, গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সহযোগত গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত মুকলি আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথিৰ ভাষণ ৰাখি ৰাভাই এনেদৰে কয়।