Home ৰাজনীতিৰাহুলৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষা নৈতিক অধিকাৰ, ক’লে সঞ্জয় ৰাউটে

ৰাহুলৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষা নৈতিক অধিকাৰ, ক’লে সঞ্জয় ৰাউটে

by News Desk
61 views
A+A-
Reset

newsnextone | ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষা ৰাজনৈতিক মহলত চৰ্চিত হৈ পৰিছে৷ মহাৰাষ্ট্ৰৰ বিজেপি সহযোগী দল শিৱসেনাই ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষা প্ৰকাশ কৰাটো নৈতিক অধিকাৰ বুলি মন্তব্য কৰে৷ আৰু ইয়াৰ বাবে কোনেও ৰাহুল গান্ধীক ইতিকিং কৰাটো সঠিক নহয় বুলিও মন্তব্য কৰে শিৱসেনাই৷ শিৱসেনাৰ ৰাজ্য সভাৰ সদস্য সঞ্জয় ৰাউতে কয় যে তেওঁলোকেও এনচিপিৰ অধ্যক্ষ শৰদ পাৱাৰক প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য প্ৰাৰ্থী বুলি ভাৱে৷ 

উল্লেখ্য যে, কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে সাংবাদিকৰ প্ৰশ্নত ২০১৯ চনত কংগ্ৰেছে দেশৰ শাসনভাৰ দখল কৰিলে প্ৰধানমন্ত্ৰী হোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ্ণাটকৰ বীদৰত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে ৰাহুল গান্ধীক ইতিকিং কৰি কয় যে ৰাহুল গান্ধীয়ে ভৱাৰ ধৰে প্ৰধানমন্ত্ৰীৰ পদ গান্ধী পৰিয়ালৰ বাবে সংৰক্ষিত নহয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0