Home অন্যান্য খবৰৰেল গাৰ্ডক গেট ৰখীয়াৰ ভূমিকাৰে লামডিং সংমণ্ডলৰ নতুন সংযোজন মুকলি

ৰেল গাৰ্ডক গেট ৰখীয়াৰ ভূমিকাৰে লামডিং সংমণ্ডলৰ নতুন সংযোজন মুকলি

by News Desk
66 views
A+A-
Reset

ডিজিটেল ডেক্স,নগাঁওঃ নগাঁও জিলাৰ হয়বৰগাঁ‌ৱৰ পৰা মৈৰাবাৰী  সংযোগী ৰেললাইনৰ প্ৰতিটো ৰেল গেটৰ ৰখীয়াৰ ভূমিকা পালন কৰিব ৰেলগাড়ীৰ গাৰ্ডে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী পীয়ুষ গোৱেলৰ নিৰ্দেশনাত সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰথমবাৰৰ বাবে যোৱা ১৪ ছেপ্টেম্বৰৰ পৰা হয়বৰগাঁ‌ও-মৈৰাবাৰী সংযোগী ৰেললাইনৰ জুৰীয়া আৰু বটদ্ৰৱা ষ্টেচনত থকা ৰেলগেটৰ ৰখীয়া আৰু ৰেলগাড়ীৰ গাৰ্ডৰ জৰিয়তে এই ব্যৱস্থা কৰা হৈছিল আৰু এই পৰ্যন্ত সফলো হৈছো। এই মন্তব্য আশিস শৰ্মাৰ। আজি হয়বৰগাঁ‌ও ৰেলষ্টেচনত অনুষ্ঠিত এক সংবাদ মেলত  এন এফ ৰেলৱেৰ লামডিং সংমণ্ডলৰ প্ৰৱন্ধক আশিস শৰ্মাই এইদৰে মন্তব্য কৰি লগতে কয় যে– আগতে এখন ৰেল পাৰ হোৱাৰ সময়খিনিৰ বাবে গেটৰ দুয়োপাৰে এক ঘণ্টাতকৈ অধিক সময় মানুহে অবাবতে অতিবাহিত কৰিবলগীয়া হৈছিল ৷কিন্তু আজিকালি ৰেল পাৰ হোৱাৰ ক্ষেত্ৰত মাত্ৰ ১৫ মিনিট সময় অপেক্ষা কৰিলেই হ’ব। বিশেষকৈ মুক্তভাৱে থকা গেটৰ বাবে চলন্ত ৰেলত পৰি বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে।

ইয়াক মষিমুৰ কৰাৰ বাবেই এই পদক্ষেপ ভাৰতীয় ৰেলৰ এন এফ ৰেলৱে শাখাৰ। ইতিমধ্যে গাৰ্ডক ৰেল গেটৰ ৰখীয়াৰ ভূমিকা পালন কৰি সফল হোৱাৰ কথা ব্যক্ত কৰি নগাঁৱৰ হয়বৰগাঁ‌ৱৰ পৰা মৈৰাবাৰীলৈকে থকা ৫০ টা ৰেল গেটত এই ব্যৱস্থাৰে ৰেল চলাচল কৰিবলৈ এন এফ ৰেলৱেই সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে, ৰেলৱেৰ বিষয়াগৰাকীয়ে নগাঁও জিলাৰ নগাঁও ষ্টেচনৰ নিচেই কাষতে ড্ৰাগছ আৰু অবৈধ ভাৱে চলি থকা অসামাজিক কাৰ্যকলাপসমূহ অতি শীঘ্ৰে বন্ধ কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত জানিব দিয়ে। তদুপৰি শেনচোৱা ৰেল জংছনটোৰ প্লেটফ’ৰ্মটো যাত্ৰীসকলৰ সুবিধাৰ্থে ওখ কৰিব বুলি কৈ তেওঁ লগতে জংছনটো অত্যাধুনিক কৰাৰ বাবে এক প্ৰকল্প তৈয়াৰ কৰি ইয়াৰ প্ৰাককলন দিয়া হৈছে বুলিও জানিব দি নগাঁও জিলাৰ প্ৰতিটো ষ্টেচনৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে বুলিও উল্লেখ কৰে। এন এফ ৰেলৱেৰ মালিগাঁ‌ও সংমণ্ডলৰ মুখ্য জনসম্পৰ্ক ৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাই আঁ‌ত ধৰা সংবাদ মেলখনত এন এফ ৰেলৱেৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0