ৰঙিয়াঃ ৰাজধানী এক্সপ্ৰেছত যান্ত্ৰিক বিজুতি হোৱাৰ ফলত ৰঙিয়া ষ্টেচনত এঘন্টা ধৰি আৱদ্ধ হৈ থাকে ৰেলখন। ইফালে এই ঘটনাৰ পিছতেই কেন্দুকোনা, ঘগ্ৰাপাৰ আৰু নলবাৰী ষ্টেচনত বহু যাত্ৰীবাহী ট্ৰেইন আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।
যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতি উদ্ভৱ হোৱাও পৰিলক্ষিত হৈছে। জানিব পৰা মতে আজি পুৱাৰ ভাগত ডিব্ৰুগড়ৰ পৰা ৰঙিয়া অহা 12235 নম্বৰৰ নমনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰেলখন কেন্দুকোনা অতিক্ৰম কৰাৰ পিছত ৰেলখনৰ 05851 নম্বৰ দবাটোত কোনো যাত্ৰীয়ে চেইন টানে।