মোৰাঝাৰঃ বিদ্যায়তনিক দিশত হোজাইৰ আৰু এখোজ দিছে৷ কাৰণ হোজাইৰ এখন খ্যতনামা শিক্ষানুষ্ঠান মৰ্কজ একাডেমীৰ উচ্চতৰ মাধ্যমিক শাখাৰ শুভ উদ্বোধন কাৰ্য সম্পন্ন কৰাৰ লগতে স্কুলখনৰ পৰা ২০১৭ বৰ্ষত সুখ্যাতিৰে মেট্টিকত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ এই উপলক্ষে আয়োজিত হয় এক গাম্ভীৰ্যপুৰ্ণ সভা য’ত সভাপতিত্ব কৰে মৰ্কজুল মা’আৰিফৰ উপসভাপতি অধ্যাপক ৰশীদ আহমদ চাহাবে৷
১৯৯৪ চনত স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা’আৰিফে হোজাই চহৰৰ দুৱাৰমুখত স্থাপন কৰা মৰ্কজ একাডেমী হাইস্কুলত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ ব্যাপক হৰ্ষোল্লাসৰ মাজেদি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দুৱাৰ মুকলি ক্ৰমে তিনিগৰাকী বিশিষ্ট ব্যক্তি যথাক্ৰমে হোজাই জিলাৰ উপায়ুক্ত ডা: এছ লক্ষণন, জিলা আৰক্ষী অধীক্ষক দেৱজ্যোতি মুখাৰ্জী আৰু নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ প্ৰফেছাৰ দিলীপ কুমাৰ বৰাই৷ চলিত বৰ্ষত কলা শাখা আৰম্ভ কৰা বিদ্যালয়খনত পৰৱৰ্তী সময়ত বিজ্ঞান আৰু বাণিজ্য শাখাও মুকলি কৰিব বুলি আশা ব্যক্ত কৰে উদ্যোক্তাই।