57
বালিপাৰাঃ মন্ত্ৰী তথা ৰঙাপৰা সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে আজি এদিনতে কেইবাটাও অনুষ্ঠানত অংশ গ্ৰহণ কৰি চমক সৃষ্টি কৰে৷
ৰঙাপৰা অঞ্চলৰ চাহ বাগিচাৰ কৃষিহীন ৪২৯ গৰাকী চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ৰঙাপৰা মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক সৰ্বভাৰতীয় বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাত সহায় কৰাৰ উদ্দেশ্যৰে প্ৰতিযোগিতা মূলক পৰীক্ষা কেন্দ্ৰ এটিও মুকলি কৰে মন্ত্ৰীজনে।