60
ৰঙিয়াঃ ৰঙিয়া নগৰৰ মাজেৰে যোৱা ৩১ নং ৰাষ্টীয় ঘাইপথৰ মৰাণজানাত সোমবাৰে আবেলি সংঘটিত হয় এক পথ দুৰ্ঘটনা।
উদণ্ড গাড়ীচালকে পথৰ দাঁতিৰে খোজকাঢ়ি গৈ থকা পাঁচজন লোকক মহটিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হয় লোককেইজন। আহত কেইজনৰ ভিতৰত দুগৰাকী সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে ৰাইজৰ প্ৰহাৰত গাড়ীখনৰ চালকজনো গুৰুতৰভাৱে আহত হয়।